পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৪
আবিষ্কাৰ


 মাধৱ। হওক। কিন্তু এটা কথা—মই ইয়াত আচহুৱা  হ। মোৰ কথা শুনিব জানো?
 হাবি। শুনিব। অসমীয়া আৰু অসমবাসী আন হৰে এইটোৱেই স্বভাৱ যে তেওঁলোকে অচিনাকী প্ৰচাৰকক সদায় ডাঙৰ বুলি ভাবে আৰু মান কৰে, লাগে যদি তেওঁ অতি অপদাৰ্থ ই হওক, নাইবা অসমীয়াৰ সৰ্ব্বনাশ সাধিবলৈকে আহক। তেনেস্থলত আপোনাৰ দৰে লোকৰ কথা যে শ্ৰদ্ধাৰে সৈতে শুনিব, তাত সন্দেহ নাই।
 মাধৱ। বাৰু, কেতিয়া যাব লাগে জনাব। এতিয়া আহোঁ।
 তেতিয়া দুয়ো ওলগনিৰে বদায় লৈ ঘৰমুৱা হ'ল।