পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৪৬
আবিষ্কাৰ


নোৱাৰোঁ। আমি তোৰ বিয়াৰ বন্দৱস্ত কৰিছোঁ, তই বিয়া কৰাব’ই লাগিব।
 মাধৱ। তোমালোকে মই গম নোপোৱাকৈয়ে বন্দৱস্ত কৰিছা যদি বৰ অন্যায় কৰিছা। যদি মই অবাধ্য হবলৈ বাধ্য হওঁ তেন্তে সি বৰ দুখৰ কথা হ’ব।
 যাদৱ। অবাধ্য হবি কিয়?
 মাধৱ। যদি তোমালোকৰ বাছনি মোৰ আদৰ্শৰ বিৰোধী হয়?
 যাদৱ। থৈ দে তোৰ আদৰ্শ।
 মাধৱ। অনে তেনে কথা ক'লে আচৰিত নামানো। কিন্তু তুমি লৰাকালিৰে পৰা মোৰ আদৰ্শ আৰু জীৱনৰ ব্ৰত কি তাক ভালকৈ জানিও এনে কথা কোৱা নে দাদা?
 যাদৱ। তোৰ সেই ব্ৰত-ত্ৰত এৰিব লাগিব।
 মাধৱ। কিন্তু মোৰ জীৱনীশক্তি আছে মোৰ ব্ৰতৰ মাজত। ব্ৰত এৰা আৰু মোৰ অস্তিত্ব বিলোপ কৰা দুয়োটা একে কথা।
 যাদৱ। বাৰু সেইটো যাওক। মই জানিব খোজো তই চিৰকুমাৰ হৈ থাকিব খুজিছ নে কেতিয়াবা বিয়া কৰাবৰ মন আছে।
 মাধৱ। মই সেই বিষয়ে ভবাই নাই। তথাপি ইয়াকে ক'ব পাৰোঁ যে যদি কেতিয়াবা কোনো তৰুণীৰ দ্বাৰা মোৰ ব্ৰত উদযাপনত সাহায্য হ’ব বুলি মোৰ অন্তৰত বিশ্বাস জন্মে