সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৬
আবিষ্কাৰ


কৰিব! আগেয়ে অসমীয়া মতাৰ এটা বৈশিষ্ট্য আছিল— পোন্ধ নমৰাকৈ খোজ লৰাব নোৱাৰে। তেতিয়া কোনোবাই পুৰুষোচিত সাহ, বল দেখুৱাব নোৱাৰিলে আন কি তিৰুতায়ো কৈছিল,-“কেলেই নো পোন্ধ মৰাটো হৈ উপজিছিলি, এইটো কামকে কৰিব নোৱাৰিলি! তাতকৈ মেখেলা নিপিন্ধ কিয়?” তেতিয়া পোন্ধ এৰাটো লাজ-অপমানৰ কথা আছিল। আজি কিন্তু পোন্ধ এৰাটো অন্ততঃ বহুতো নগৰীয়া আৰু বিদ্যাৰ্থী ছাত্ৰৰ পক্ষে গৌৰৱৰ বিষয় হৈ পৰিছে। এনেকুৱা আদৰ্শক প্ৰাচ্য বা পাশ্চাত্য একো বুলিব নোৱাৰি। মুঠ কথা, প্ৰাচ্য আৰু পাশ্চাত্য সভ্যতাৰ যিখিনি আবৰ্জ্জনা সেইখিনিয়েই আমাৰ আদৰ্শ, ভালখিনি ল’বৰ জোখাই আমাৰ জ্ঞান, বুদ্ধি ধৈৰ্য্য একো নাই। সেই কাৰণে মই কওঁ কোনোবাই আমাৰ আগত জাতীয় আদৰ্শ দাঙি ধৰিব খুজিলে প্ৰথমেই জাতিটো নিৰ্ণয় কৰি ল'ব লাগিব আৰু তাৰ প্ৰথম পৰিমাপক হ'ব জাতীয় সাজ-পাৰ, জাতীয় আচাৰ-ব্যৱহাৰ, জাতীয় ভাষা! তেতিয়াহে জাতীয়তাৰ মাজে দি অন্যান্য সংস্কাৰলৈ বাট ওলাব।”
 মাধৱে মানুহজনক প্ৰথমে সৰ্ব্বসাধাৰণৰ ভিতৰৰে এজন বুলি ধৰি লৈছিল, কিন্তু এতিয়া তেওঁৰ কথা শুনি চমৎকৃত হ'ল। তেওঁৰ কথাবোৰ মাধৱৰ বৰ ভাল লাগিল। তেওঁ মানুহজনক ধন্যবাদ দি তেওঁৰ পৰিচয় ল'লে। মানুহজনে ক'লে,-“মই এজন দুখীয়া মানুহ, বিদ্যাতি মেট্ৰিকুলেট, নাম হাৰিৰাম দাস। মাজে মাজে মোৰ মনত দেশৰ আৰু সমাজক