সংস্কাৰৰ বিষয়ে বহুত কথা খেলায়, কিন্তু নিজ দুৰৱস্থাৰ
কাৰণে মনৰ কথা মনতে মাৰ যোৱাৰ বাহিৰে আন একো
নহয়। কোনোবা নেতৃস্থানীয় লোকৰ সাহায্য পোৱা হ'লে
কি জানি কিবা কৰিব পাৰিলোঁৱেইহেতেন, কিন্তু মোৰ নিচিনা
ক্ষুদ্ৰ মানুহ এটাক সাহায্য কৰাহে নালাগে, মোৰ কথা
শুনিবলৈকে তেওঁলোকৰ আজৰি নাই। দুই এজন কংগ্ৰেচ
নেতাই ক'লে,-“এইবোৰ প্ৰাদেশিক সঙ্কীৰ্ণতাৰ কথা সম্প্ৰতি
স্থগিত ৰখাই ভাল, এতিয়া প্ৰধান কাম স্বাধীনতা অৰ্জ্জন।
স্বৰাজ হৈ গ'লে সকলো আপোনা-আপুনি হ’ব। আপুনি
এইবোৰ এৰি কংগ্ৰেচত যোগ দিয়ক।”
মাধৱ। তেওঁলোকৰ কথাত আপোনাৰ আপত্তি কি?
স্বৰাজ জানো আপুনি নিবিচাৰে?
হাবি। বিচাৰোঁ। কিন্তু তাৰ আগতে অসম আৰু
অসমীয়াৰ নাম চিৰকাললৈ লুপ্ত হোৱাটো নিবিচাৰোঁ।
ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগে লগে অসমীয়াৰ অস্তিত্ব
ৰক্ষাৰ আন্দোলনে অসমীয়াৰ ভিতৰত থাকিব লাগে। নহলে
স্বৰাজ পালেও অসমে নাপায়, পাব বঙ্গস্থান কি পাকিস্থানে হে।
মধৱ। তেন্তে আপুনি কি কৰিব খোজে?
হাবি। কৰিব খোজাটো কৰিব পৰা হ'লে কেতিয়াবাই
কৰিলোহেতেন। কিন্তু মই আজিলৈকে কল্পনাক বাস্তবৰূপ
দিবৰ কোনো পথ বিচাৰি নাপালোঁ। এবাৰ শেষ চেষ্টা
কৰিবৰ মনেৰে গুৱাহাটীলৈ যামবুলি ভাবিছোঁ।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৫
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৭
সভ্যতাৰ আবৰ্জ্জনা