বৰ্ব্বৰ জাতিলৈ নমাইছে বুজিব পৰা নাই। এনে শিক্ষা
হোৱাতকৈ বোধ কৰোঁ নোহোৱাই ভাল।”
মাধৱে ক'লে,-“পাশ্চাত্য আদৰ্শই যে আমাক নুসুজে,
সেইটো মই সদাঁয় কৈ আহিছোঁ আৰু আজিৰ ঘটনায়ো সেই
কথাকেই সমৰ্থন কৰিছে।”
মানুহজনে ক'লে,-“মোৰ মতে আমাৰ আগত আজি
প্ৰাচ্যই বোলক বা পাশ্চাত্যই বোলক কোনো আদৰ্শই নাই।
থাকিব ক’ৰ পৰা? এই চাওক,-অসমীয়া বুলি এটা প্ৰতাপী
জাতি এদিন এই অসমত আছিল, কিন্তু আজি সেই জাতিটোৰ
অস্তিত্ব বুৰঞ্জীৰ পাতৰ বাহিৰে আন ঠাইত নাই। পাশ্চাত্য
উন্নত জাতিবোৰৰ কথা নকৱেঁই, এই ভাৰতৰে অন্যান্য প্ৰদেশৰ
লোকসকলক দেখা মাত্ৰেই তেওঁলোকৰ সাজ-পাৰৰ পৰাই
কোন ঠাইৰ মানুহ অনুমান কৰিব পাৰি। কিন্তু অসমীয়াৰ
নাইনে নাই এবিধ জাতীয় সাজ-পাৰো নাই। অসমীয়া মতাৰ
কোনোৱে পিন্ধে ধুতী, কোনোৱে পিন্ধে ঠেঙা, কোনোৱে
পিন্ধে পাইজামা আকৌ কোনোৱে পিন্ধিবলৈ শিকিছে
মেখেলা। কোনোৱে গোঁফকোছা ডাঢ়িৰ লগতে চাঁচি
পেলাইছে, কোনোৱে নাকৰ তলতে একাঙুলমান ৰাখিছে,
আকৌ কোনোৱে ক্ষুৰকে লগোৱা নাই। এই অনুক্ৰমে
দেখিব কোনো বিষয়তে কাৰো লগত কাৰো মিল নাই।
তিৰুতাৰ বিষয়েও সেই একে কথাই। আমাৰ এই খিচিৰি
অৱস্থাটোৱে আদৰ্শবিলাকৰ খিচিৰি পগাৰ বাহিৰে আৰু কি
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪৩
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৫
সভ্যতাৰ আবৰ্জ্জনা