পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৩৪
আবিষ্কাৰ।


বলেৰে আদায় কৰিবলৈ যোৱা কিয়? ৰাজ আলিত এনেকৈ এজনা শিক্ষিতা মহিলাৰ ইজ্জত হানি কৰাটো যে ডাঙ্গৰ অপৰাধ তাক তুমি জনা উচিত। এতিয়া তুমি যদি গোলমাল নকৰি ঘৰলৈ যোৱা তেন্তে আমি আৰু একো নকৰোঁ, নতুবা থানালৈ নিবলৈ বাধ্য হম।
 ডেকাই ক'লে,-“বাৰু, মই এতিয়া যাওঁ, কিন্তু আজিয়েই হওক, বা আন এদিনেই হওক হাৰধাৰ মোক লাগিবই। নহ'লে মই ফাঁচী যাবলৈকো সাজু।”
 ডেকা গ'ল। গাভৰুলৈ চাই মাধৱে ক'লে,-“আপুনি এতিয়া ঘৰলৈ যাওক। ঘটনাটো মই প্ৰথমে যি দৰে ভাবিছিলোঁ, প্ৰকৃততে তেনে নহয়, নিশ্চয় আপোনাৰ গাতো অলপ নহয় অলপ কিবা দোষ আছে। সেই কাৰণে মই কওঁ এনেবোৰ কেলেঙ্কাৰী ৰাইজৰ আলোচনাৰ বিষয় নকৰি গুপুতে মীমাংসা কৰাই আটাইতকৈ ভাল উপায়।”
 গাভৰুৱে তাৰ উত্তৰত মাত্ৰ মাধৱক ধন্যবাদ জনাই যোৱা বাটেই খোজ ল’লে। তেওঁলে"ক গ’লত তাত উপস্থিত থকা এজন মানুহে মাধৱক ক'লে,-“আপুনি বোধ কৰোঁ নতুনকৈ ইয়ালৈ আহিছে, নহলে এই ঘটনাত জড়িত হবলৈ নাহিল- হেতেন। আমি আগে-পিচেও এওঁলোকৰ এনে অভিনয় দেখিছোঁ, সেই কাৰণে অহা নাছিলোঁ। পিচত আপুনি আহি ধৰা দেখিহে আহিলোঁ। আজি-কালি স্কুল-কলেজৰ শিক্ষাই আৰু পাশ্চাত্য সভ্যতাই আমাক ইংৰাজকে কৰিছে নে কিবা