ষোড়শ অধ্যায়।
-দায়িত্ব ত্যাগ—
মাধৱৰ ওচৰত বিদায় লৈ উগ্ৰসেন বৰুৱা প্ৰতিমাৰ ঘৰলৈ আহিল। প্ৰতিমাই আথে-বেথে তেওঁক বহিবলৈ দিলে। বৰুৱাই কলে,-“মই এই বাতিখন তোমাৰ ঘৰত ওলোৱা দেখি তুমি চাগৈ আচৰিত হৈছা, কিন্তু মোৰ সময় কম, পুৱা আৰু এখন সভা আছে। এতিয়াই তোমাৰ লগ নধৰিলে আৰু সময় উলিয়াব নোৱাৰিম। মই তোমাৰ নাম বহুত দিনৰে পৰা শুনিছো, নাৰী জাগৰণৰ নিমিত্তে তুমি কেনেভাবে আত্মোৎসৰ্গ কৰিছা তাকো কাকতে পত্ৰই পাই আছোঁ। বিশেষকৈ আজিৰ বক্তৃতাত তোমাৰ প্ৰাণৰ আলোড়ন দেখি মুগ্ধ হৈছোঁ। এতিয়া মই তোমাৰ ওচৰলৈ অহাৰ উদ্দেশ্য হৈছে তুমি এতিয়াই কংগ্ৰেচত যোগ দি আমাক সাহায্য কৰিব লাগে। আমাৰ প্ৰচাৰ কাৰ্য্য যাতে গাৱেঁ-ভূঁয়ে, পৰ্ব্বতে- পাষণ্ডে বিয়পি পৰে, যাতে মতাৰ পৰা তিৰুতালৈ, কেচুৱাৰ পৰা বুঢ়ালৈ সকলো এই আন্দোলনত জঁপিয়াই পৰে তাৰ নিমিত্তে সকলো প্ৰকাৰ চেষ্ট কৰাৰ প্ৰয়োজন। আমাৰ কৰ্ম্মীৰ ভিতৰত পুৰুষ যথেষ্ট আছে; তেওঁলোক বিদ্যাই- বুদ্ধিয়ে, কথাই-কামে কংগ্ৰেছৰ নীতি আৰু উদ্দেশ্য জন