পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৩
দায়িত্ব ত্যাগ


সাধাৰণৰ মাজত প্ৰচাৰ কৰিবলৈ সম্পূৰ্ণ উপযুক্ত। কিন্তু তেওঁলোকৰ কাৰ্য্য় ঘাইকৈ পুৰুষ সমাজতে আবদ্ধ, তেওঁলোকৰ প্ৰচাৰ কাৰ্য্য়ই সমূহ-হিচাপে নাৰী সমাজক ঢুকি নাপায়গৈ। তাৰ কাৰণে এতিয়া বিশেষ প্ৰয়োজন হৈছে শিক্ষিত দেশ- সেবিকাৰ। যদিও এতিয়ালৈকে বহুতো মহিলাই কংগ্ৰেচত যোগ দিছে, তথাপি নাৰী-সমাজক যুদ্ধক্ষেত্ৰলৈ উলিয়াই আনিবৰ জোখাৰে তেওঁলোকৰ বিদ্যা-বুদ্ধি আৰু বাক্পটুতা নাই। তুমি নাৰীৰ মাজত কাম কৰি তেওঁলোকৰ বিষয়ে বিশেষ অভিজ্ঞতা অৰ্জ্জন কৰিছা। তাৰ উপৰিও তোমাৰ বিদ্যা আছে, বুদ্ধি আছে, আধুনিক জগতৰ গতিৰ বিষয়ে এটা ধাৰণা আছে, আৰু আছে সুশৃঙ্খলভাবে কাৰ্য্য়-সম্পাদন কৰিব পৰা প্ৰণালীৰ সম্যক বোধ। এইখিনি সম্বল লৈ তুমি আমাৰ লগ ল'লে সহজে নাৰী-সমাজক জাগ্ৰত কৰি জাতীয় যুদ্ধক্ষেত্ৰলৈ টানি আনিব পাৰিবা। বৰ্ত্তমান সময়ত ইয়াতকৈ ডাঙৰ কাম আৰু একো হবি নোৱাৰে।
 প্ৰতিমা। মই যি কাৰ্য্য়ত আত্মনিয়োগ কৰিছোঁ, সি কংগ্ৰেচ-বিৰোধী বা জাতীয়তাৰ পৰিপন্থী নহয়, বৰং পৰোক্ষ- ভাবে কংগ্ৰেচৰ কামকেই কৰিছোঁ।
 বৰুৱা। কৰা হৈছে সন্দেহ নাই। কিন্তু সম্প্ৰতি আমি যি যুদ্ধত নামিছোঁ, ইয়াক শেষ কৰিবলৈ হ'লে ততালিকে সেনা প্ৰস্তুত কৰিব লাগিব। সেই কাৰণে নাৰীৰ অভাব- অভিযোগ বিচাৰি এতিয়া সময় কটাব নোৱাৰি। এতিয়া