আবিষ্কাৰ
মাধৱ। তাতকৈ আপোনালোকে মোক সাহায্য কৰক
কংগ্ৰেচক সামাজিক অনুষ্ঠানত পৰিণত কৰি মোৰ কাৰ্য্য পদ্ধতি
গ্ৰহণ কৰক। তেতিয়া শাসকসকলৰ লগত সংঘৰ্ষ নোহোৱাকৈয়ে
স্বাধীনতা লাভ হ’ব, প্ৰত্যেক মানুহেই স্বাধীনতাৰ নিৰ্ম্মালি
হাত পাতি ল'ব পাৰিব।
উগ্ৰ। হয়তো তেনে হ'বও পাৰে, কিন্তু সৰ্ব্বভাৰতীয়
অনুষ্ঠান এটাৰ নীতি পৰিবৰ্ত্তন কৰাৰ ক্ষমতা কোনো ব্যক্তি
বিশেষৰ নাই।
মাধৱ। সেইটো জানো। কংগ্ৰেচত যোগ দিয়া মানে
নিজৰ স্বাধীনতা বিসৰ্জ্জন দিয়া। আপোনালোকে সৰ্ব্ব-
ভাৰতীয় নেতাসকলৰ নিৰ্দ্দেশ নাপালে স্থানীয় ভাবে যিমানেই
প্ৰয়োজনীয় হওক, কোনো কাম হাতত ল'ব নোৱাৰে। জান
কি, তেওঁলোকৰ বক্ততা মুখস্থ কৰি সভা-সমিতিত গাই ফুৰাৰ
বাহিৰে স্বাধীনভাবে চিন্তা কৰিবও নোৱাৰে। ধৰক অসমৰ
বিশেষ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা, আৰু সেই মতে কাম
হাতত লোৱাৰ প্ৰয়োজন থাকিব পাৰে, কিন্তু সৰ্ব্বভাৰতীয়
নেতাসকলে তাক নজনা আৰু নভবাৰ কাৰণে আপোনালোকে
মুখস্থ কৰিবলৈ একো নিৰ্দ্দেশ নাপায় আৰু সেই কাৰণেই
তেনে বিষয়ত আপোনালোকৰ মুখ বন্ধ। এনে ভাবে চকু
মুদি আনৰ অনুগামী হ'বলৈ মই অপাৰগ। সেই কাৰণেই
মই কংগ্ৰেচৰ কিছুমান কাৰ্য্য সমৰ্থন কৰিব পাৰিলেও যোগ
দিব নোৱাৰোঁ।