পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
আদৰ্শ আৰু লক্ষ্য


প্ৰতিনিধি লৈ সৰ্ব্বভাৰতীয় শাসন-পৰিষদ গঠন কৰা অতি সহজ হ’ব। মুঠতে আপোনালোক ওপৰৰ পৰা তললৈ নামিব খোজে, মই খোজোঁ তলৰ পৰা ওপৰলৈ উঠিব। কবিৰ ভাষাত ক'বলৈ হ'লে—

“স্বজাতিৰ প্ৰতি তুমি নকৰি বিচাৰ,
কি লাজেৰে বিচাৰিবা
বিজাতিৰ ওচৰত নিজে সুবিচাৰ।
প্ৰথমতে তুলি লোৱা পতিত জাতিক
যোগ্য মান লভিবা আপুনি!”

 উগ্ৰ। আদৰ্শ হিচাপে আপোনাৰ কৰ্ম্মপদ্ধতি যে প্ৰশংসনীয় তাত সন্দেহ নাই। কিন্তু সি আদৰ্শ হৈয়েই থাকিব, তাক বাস্তৱত পৰিণত কৰা অসম্ভব। আপুনি ল'ৰা- কালিৰে পৰা এই চেষ্টা কৰি আহিছে; কৃতকাৰ্য্য় হৈছে জানো?
 মাধৱ। নাই হোৱা। কাৰণ ই এজনীয়া কাম নহয়। তাৰ উপৰি মই মোৰ ক্ষুদ্ৰ শক্তিৰে যিখিনি কাম আৰম্ভ কৰিছিলো তাকো বৰ্ত্তমান ৰাজনৈতিক আন্দোলনে গিলি পেলালে। সেই কাৰণে বৰ্ত্তমান হুলস্থূলৰ এটা মীমাংসা হৈ নোযোৱালৈকৈ মোৰ কাম বাহুল্যভাবে পৰিচালনা কৰিবৰ উপায় নাই।
 উগ্ৰ। সেই দেখিয়েই মই কওঁ আপুনি ভবিষ্যতলৈ অপেক্ষা কৰি নাথাকি বৰ্ত্তমান যি কৰ্ম্মক্ষেত্ৰ পাইছে তাতে নামি যাওক,-কংগ্ৰেচত যোগ দিয়ক।