সমললৈ যাওক

পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৭
আদৰ্শ আৰু লক্ষ্য


 মাধৱ। মোৰ তাত বিশ্বাস নাই। বহুতো আইন কাকততে সোমাই আছে, তাক প্ৰয়োগ কৰা দেখা নাই। ধৰক ছৰ্দ্দা আইন। সেইখন থকাৰ পৰা কিবা কাম হৈছে জানো? মুঠতে গাৰ বলেৰে কৰা আইনেৰে মানুহৰ মনৰ পৰিবৰ্ত্তন ঘটাব নোৱাৰি, তাক পাৰি শিক্ষা আৰু সেৱাৰ দ্বাৰাহে।
 উগ্ৰ। তেন্তে আপুনি ৰাজনৈতিক ক্ষমতা অৰ্থাৎ স্বাধীনতা নালাগে বুলি কয় নে কি?
 মাধৱ। কেতিয়াও নকওঁ। স্বাধীনতাই শেষ লক্ষ্য মোৰ, আপোনাৰে। কিন্তু সেই স্বাধীনতা পাব লাগিব সমূহ ৰাইজে। বিদেশী শাসকৰ হাতৰ পৰা আমাৰ জনচেৰেক শিক্ষাভিমানী, জাত্যাভিমানী আৰু ঐশ্বৰ্য্যাভিমানী লোকৰ হাতলৈ ক্ষমতা আহিলেই প্ৰকৃত স্বাধীনতা নাহে। এতিয়া বিদেশী শাসকে শোষণ কৰিলেও শাসিতসকলৰ মাজত বিচাৰৰ নিৰপেক্ষতা আছে, কিন্তু এটা বিশেষ দলৰ হাতত ক্ষমতা পৰিলে প্ৰধান লক্ষ্য হ’ব দলৰ মুখিয়ালসকলৰ আৰু তেওঁ- লোকৰ আত্মীয়-স্বজনৰ স্বাৰ্থসিদ্ধি। বাকীসকলে কাকতে পত্ৰই কিবা পালেও প্ৰকৃততে শোষণ-পীড়নৰ বাহিৰে আন একো নাপায়। মুঠতে তেনে স্বাধীনতা হ’ব অৰাজকতাৰ নামান্তৰ।
 উগ্ৰ। আপুনি তেন্তে কেনেকৈ স্বাধীনতা অৰ্জ্জন কৰিব খোজে ?