পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৮
আবিষ্কাৰ


 মাধৱ। মোৰ মতে আমাৰ প্ৰথম কাম হব লাগিব সমাজৰ নিচেই তল-খাপত যিবোৰ মানুহ উন্নতসকলৰ দ্বাৰা দলিত নিষ্পেষিত হৈ পশুৰ দৰে জীৱন কটাইছে সেইবোৰক মানুহ কৰি গঢ়া, তেওঁলোকো যে মানুহ সেইটো নিজে নিজে বুজিব পৰাকৈ শিক্ষা দিয়া, তেওঁলোকক সকলো বিষয়তে স্বাৱলম্বী কৰি তোলা। এনেকৈয়ে ক্ৰমশ: আগ বাঢ়ি সামাজিক সমতা স্থাপন কৰিব লাগিব। যেতিয়া এইখিনি হৈ উঠিব তেতিয়া নিৰ্ব্বাচিত প্ৰতিনিধিৰে প্ৰত্যেক গাওঁ, প্ৰত্যেক মৌজা, প্ৰত্যেক মহকুমা আৰু জিলাত পঞ্চায়ত পাতি স্বায়ত্ত-শাসন প্ৰবৰ্ত্তন কৰিব লাগিব। স্থানীয় শিক্ষা, স্বাস্থ্য, আলি-পদূলি, মামলা- মোকৰ্দ্দমা আদি সেই ঠাইৰ পঞ্চায়তৰ দ্বাৰা পৰিচালিত হ’ব। গাওঁ-পঞ্চায়তৰ প্ৰতিনিধিৰে মৌজা-পঞ্চায়ত আৰু মৌজা- পঞ্চায়তৰ প্ৰতিনিধিৰে মহকুমা-পঞ্চায়ত গঠিত হ'ব। তেনে- কৈয়ে জিলা-পঞ্চায়ত আৰু প্ৰাদেশিক পঞ্চায়তো গঠিত হ’ব লাগিব। এইখিনি কাম হলেই ইংৰাজে তালি-টোপোলা বান্ধিবলৈ বাধ্য হ'ব আৰু এই প্ৰাদেশিক পঞ্চায়তেই শাসন- পৰিষদত পৰিণত হ'ব। তেতিয়া শাসন-পৰিষদে সমগ্ৰ প্ৰদেশৰ নিমিত্তে লাগতিয়াল কাৰ্য্যবোৰ নিজৰ হাতত ৰাখি স্থানীয় কামবোৰ অধীনস্থ পঞ্চায়তবোৰক অৰ্পণ কৰিব আৰু ৰাজহৰ একোটা অংশ প্ৰত্যেক পঞ্চায়তে পাব লাগিব। তেতিয়া হ'লে শাসনৰ খৰচো কমিব আৰু প্ৰত্যেক মানুহেই স্বাধীনতাৰ ভাগ পাব। ইয়াৰ পাচত সকলো প্ৰদেশৰ