ধ্বনিত বায়ুমণ্ডল মুখৰিত কৰি সমজুৱাসকল দিহাদিহি গ’ল।
সভা ভগাৰ অলপ পাচতে উগ্ৰসেন বৰুৱা মাধৱৰ ঘৰত
উপস্থিত হল। মাধৱো তেওঁৰ আগে আগে ঘৰ সোমাইছিল
মাত্ৰ। মাধৱে বৰুৱাক বহিবলৈ দি যোৱাৰ উদ্দেশ্য কি
জানিব খুজিলে। উগ্ৰসেনে ক'লে,-“বিশেষ প্ৰয়োজনত
আপোনাক লগ ধৰিবলৈ আহিলোঁ।”
মাধৱ। কি প্ৰয়োজন?
উগ্ৰ। আপুনি আজিলৈকে কংগ্ৰেচত যোগ নিদিয়াত মই
আচৰিত মানিছোঁ। মোৰ আশা, এতিয়াও আপুনি যোগ দিব।
মাধৱ। ক্ষমা কৰিব, মই আপোনাৰ অনুৰোধ ৰাখিব
নোৱাৰিম।
উগ্ৰ। কিয়? আপুনি যিবোৰ আন্দোলন কৰি আহিছে,
কংগ্ৰেচেও এতিয়া সেইবোৰকে গ্ৰহণ কৰিছে। তেনেস্থলত
আপোনাৰ আপত্তিৰ কাৰণ কি বুজিব নোৱাৰিলোঁ।
মাধৱ। দেখাত একে হলেও কাৰ্য্য়তঃ মোৰ, আৰু
কংগ্ৰেচৰ লক্ষ্য সম্পূৰ্ণ একে নহয়। কংগ্ৰেচৰ উদ্দেশ্য হৈছে
ৰাজনৈতিক ক্ষমতা লাভ, মোৰ প্ৰধান লক্ষ্য হৈছে গোটেই
দেশত সামাজিক সমতা স্থাপন।
উগ্ৰ। ৰাজনৈতিক ক্ষমতা হাতলৈ নাহিলে আপোনাৰ
উদ্দেশ্য সিদ্ধি নহয়। ক্ষমতা হাতত থাকিলে আইনৰ বলেৰে
অতি সহজে সামাজিক সংস্কাৰ সাধন কৰিব পাৰি।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১১৪
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৬
আবিষ্কাৰ
