মাধৱ।—মোলৈ তোমাৰ ভয় লাগে? মোৰ পৰা তোমাৰ
কিবা অনিষ্ট হ'ব পাৰে বুলি তুমি ভাবিব পাৰিছা মালাৱিকা!
ইমান দিন ৰাইজৰ কুৎসিত আলোচনাৰ ভাগী হৈও মাধৱ
এদিনলৈকো বিষন্ন হোৱা নাছিল, কিন্তু আজি মালৱিকাৰ কথা
শুনি প্ৰথমবাৰৰ নিমিত্তে তেওঁৰ মুখ বিবৰ্ণ হ’ল। তেওঁ আকৌ
ক’লে,—“কোৱাঁ মালৱিকা, কোৱাঁ, মই তোমাৰ অনিষ্ট কৰিব
পাৰোঁ বুলি তুমি ভাবিব পাৰিছা?”
মাল।—মই কি ভাবিছোঁ শুনক,—মই আপোনালৈ ভয়।
নকৰো, আপোনাৰ বিষয়ে আনে কোৱা কথা ও বিশ্বাস
নকৰোঁ। কিন্তু বৰ্ত্তমান সময়ত আপোনাক আৰু প্ৰতিমাক
লৈ যেনে ধৰণৰ আলোচনা চলিছে, আপোনাৰ লগত ঘনিষ্ঠতা
ৰাখি চলিলে মোৰ সম্পৰ্কেও তেনে কাল্পনিক কথা ওলোৱাৰ
ভয় আছে। মই আপোনালৈ ভয় কৰা নাই, ভয় কৰিছোঁ
মিছা অপবাদলৈ।
মাধৱ অলপ পৰ মনে মনে থাকিল। তাৰ পাচত ক'লে,-
“তোমাৰ কথাই ঠিক। মই কথাটো সেই ফালৰ পৰা ভবাই
নাছিলোঁ। এৰা, তুমি মোৰ পৰা নিলগ হৈ থকাই ভাল।”
মাল।—কিন্তু আপুনি যেন মোক ভুলকৈ নুবুজে।
আপোনাৰ পৰা নিলগ হৈ ফুৰাৰ আন্তৰিক বাসনা মোৰ নাই
আৰু কেতিয়াও তেনে ইচ্ছা নহ'ব। কিন্তু সামাজিকতা আৰু
লৌকিকতা নামানি সংসাৰত চলা টান। সেই কাৰণে শাৰীৰিক
ভাবে মই অলপ আঁতৰি থাকিলেও তাত আন্তৰিকতাৰ যোগ
আছে বুলি যেন আপুনি কেতিয়াও নাভাবে।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০০
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯০
আবিষ্কাৰ