মাধৱ।— সেই বিষয়ে তুমি নিশ্চিন্ত থাকিব পাৰা।
সঁচাকৈয়ে ভুলকৈ হ'লেও মানুহক বেয়াটো ভাবিবলৈ দিয়া
উচিত নহয়।
মাল।—তেন্তে নিজৰ বিষয়ে আপুনি তেনেকৈ ভবা নাই
কিয়?
মাধৱ।-মোৰ কথা সুকীয়া। মোৰ বিষয়ে বেয়াকৈ
ভাবিবলৈ সুযোগ পোৱাৰ বাবেই মানুহে প্ৰতিমাৰ দোষ
পাতলাই ধৰিছে। ইয়াৰ পৰা কোনো কোনো মানুহৰ ওচৰত
মই হেয় হ’ব পাৰোঁ, কিন্তু সমাজে এজনী উপযুক্ত সেবিকা
লাভ কৰিব পাৰিব। মই মানুহৰ বিবেচনাত নিষ্কলঙ্ক হৈ
যিমানখিনি কাম কৰিব পাৰিম, কলঙ্ক বৰণ কৰি লৈ সিমান
নোৱাৰিব পাৰোঁ, কিন্তু যি পৰিমাণে ক্ষতি হ’ব, প্ৰতিমাৰ দ্বাৰা
তাতকৈ বেছি কাম হ'ব বুলি মোৰ আশা আছে। যদি মোৰ
আশা পূৰ হয়, তেন্তে মোৰ এই ত্যাগস্বীকাৰৰ সেয়ে যথেষ্ট
পুৰস্কাৰ হ’ব।
মাল।-আপোনাৰ উদ্দেশ্য মহৎ হ'ব পাৰে, কিন্তু তাক
হৃদয়ঙ্গম কৰিব পৰা মানুহ এতিয়াও ওপজা নাই। এই বিষয়ে
আপুনিয়েই মাত্ৰ আপোনাৰ পটন্তৰ। আৰু এটা কথা,—
যদি যি আশাত প্ৰতিমাৰ দায়িত্ব লৈছে, সি মিছা হয়?
মাধৱ।-হয় যদি হ’ব, এটা সত্য আবিষ্কাৰ কৰিম।
কত বৈজ্ঞানিকে জীৱন বিপন্ন কৰিও কত প্ৰকাৰ পৰীক্ষা
কৰিছে, সকলোতে জানো কৃতকাৰ্য্য় হ’ব পাৰিছে! মোৰো
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/১০১
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৩
কলঙ্কৰ ভয়