বন্ধু।—মোৰ ওপৰতে তোমাৰ বিশ্বাস নাই নে?
মাধব।—মই জানো বিশ্বাস নকৰোঁ বুলি কৈছোঁ, কিন্তু
সম্প্ৰতি মোৰ কথা মোৰ বাহিৰে আনে নজনাটোৱেই মঙ্গল।
কিয়নো তুমি যি কথা জানিব খুজিছা, সেই কথা কবলৈ হ'লে
মোৰ লগতে আন কাৰোবাৰ কথাও ক'ব লগাত পৰিব, কিন্তু
সম্প্ৰতি মই আনৰ ভিতৰুৱা কথা প্ৰকাশ কৰিব নোখোজোঁ।
তোমাক বন্ধু হিচাপে ইমানকেই ক'ব পাৰোঁ যে মাধৱ এতিয়াও
আগৰ মাধৱেই আছে। তাতকৈ বেচি আৰু ক'ব নোৱাৰোঁ,
ক্ষমা কৰিবা।
বন্ধুজনে মাধৱৰ কথাৰ পৰা ভালকৈ একো বুজিব নোৱ-
ৰিলে। কিন্তু মাধৱে আৰু কোনো কথা ক'ব নোখোজাত
বুজিবৰো উপায় নেদেখিলে। অগত্যা তেওঁ অন্যান্য কথা-বতৰা
পাতিয়েই বিদায় ল'লে।
মালৱিকায়ো আজি-কালি মাধৱৰ পৰা আগতকৈ কিছু
আঁতৰি ফুৰিবলৈ ধৰিছে। মাধৱ-প্ৰতিমাৰ সম্পৰ্কে ওলোৱা
আলোচনাবোৰেই যে ইয়াৰ মূলত তাত সন্দেহ নাই। মাল-
ৱিকাৰ এই পৰিবৰ্ত্তন দেখি এদিন মাধৱে সুধিলে,-“কি হে!
আজিকালি তুমি দেখোন আগৰ দৰে মোৰ কাষ চাপিব
নোখোজা! আন কি, মোৰ লগত ফুৰিবলৈ আগতে তোমাৰ
যি আগ্ৰহ আছিল এতিয়া সি নাই যেন লাগিছে।”
মাল —আজি-কালি আগৰ দৰে নিঃসঙ্কোচে ফুৰিবলৈ ভয় লাগে।
পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯৯
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯১
কলঙ্কৰ ভয়।