চুলিবিলাক সমানে চুটিকৈ কটা। মুখৰ আকৃতি সুন্দৰ, ওখই- ডাঙৰে লনী মানুহ। তেওঁৰ হাতত কাগজেৰে মেৰিওৱা এটা টোপোলা আছিল। গাভৰুৰ কাষ পাই তেওঁ মাতিলে, “মালৱিকা!”
মালৱিকা। কি? আজি দেখোন হাঁহি আহিছে?
ডেকাজনৰ নাম মাধৱ। মাধৱে টোপোলাটো দেখুৱাই ক'লে — “বাৰু কোৱাঁচোন, এই টোপোলাটোত কি আনিছোঁ?”
মালৱিকা। আৰু কি হ'ব! কবিতাৰ পুথি চাগৈ। নহ'লে সহজ চিকিৎসা বা ধাত্ৰী-বিদ্যা নাইবা তেনে কিতাপ।
মাধৱ। এটাও নহ'ল। আজি তুমি সৰৱজান হ’ব নোৱাৰিলা। তোমাৰ ফাকি আজি ধৰা পৰিল।
মালৱিকা। মই নো ফাকি দিলোঁ কেতিয়া? আন দিন কওঁ, মিলি যায়, আজি নিমিলিল যদি নিমিলিল। মই জানোঁ সৰৱজান বুলি কৈছোঁ!
মাধৱ। মুখেৰে নকলেও কামত দেখুৱাইছিলা হে।
মালৱিকা। বাৰু আজিৰ পৰা সৰৱজান ভাগিলোঁ। কওক, কি আনিছে।
মাধৱ। নকওঁ, তুমি ক’ব লাগিব।
মালৱিকা। তেনেহ'লে টোপোলাটো দিয়ক।
মাধৱ। ক’ব নোৱাৰিলে নিদিওঁ।
মালৱিকা। ইচ্ নিদিয়ে! কাঢ়ি ল'লে কি কৰিব?