পৃষ্ঠা:আবিষ্কাৰ-দণ্ডিনাথ কলিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আবিষ্কাৰ

⸻⸻

প্ৰথম অধ্যায়।

⸺০⸺

—চিত্ৰ দৰ্শন—

 পশ্চিম আকাশৰ নিমজ গালত শেষ চুম্বনৰ হেঙুলীয়া বোল দি সূৰ্য্যদেৱ ধীৰে ধীৰে নামি গৈছিল; চকুৰ আঁৰ হোৱাৰ ঠিক আগতে কেৰাহিকৈ পেলোৱা তেওঁৰ পশ্চাৎ দৃষ্টিয়ে পৃথিবীৰ মুখত কিবা এটা গূঢ় ৰহস্যময় হাঁহি বিৰিঙাই দিছিল। নগৰৰ একাষে থকা ফুলনি এখনত তেতিয়া ফুলকুঁৱৰীসকলৰ হাঁহিৰ মেলা বহিছিল। অকল হাঁহিয়েই নহয়, লগতে লীলায়িত অঙ্গ-ভঙ্গীও। তাৰ মাজত জিলিকি আছিল এগৰাকী গাভৰুৰ হাঁহি-ভৰা মুখ। গাভৰু সুন্দৰী আৰু সম্ভৱতঃ ষোড়শী; গমন গজ-গতি, নয়ন উজ্জ্বল, অঙ্গচালনা, ললিত; আতৰ বোলোৱা সমীৰণৰ মৃদু সঞ্চালনত অঞ্চল চঞ্চল। হঠাৎ এজন ডেকা তালৈ সোমাই আহিল। ডেকাৰ গাত এখন ধুতী আৰু এটা খাদৰৰ পাঞ্জাবী, ভৰি শুদা; মূৰৰ