এই বুলিয়েই মালৱিকাই মাধৱৰ হাতৰ পৰা টোপোলাটো কাঢ়ি ল’লে, মাধৱে বাধা নিদিলে।
মালৱিকাই টোপোলাটো মেলি দেখিলে এখন ধুনীয়া ‘এলবাম’। এলবামখনৰ পাত লুটিয়ায়েই দেখা পালে এখন ডাঙৰ ছবি। ছবিখনত বহুত মানুহ — মতা-তিৰোতা, ল'ৰা- ছোৱালী, বুঢ়া-বুঢ়ী। সকলোৰে অৱস্থা জীৰ্ণ-শীৰ্ণ, কাপোৰ-কানি ফটাছিটা, শৰীৰ ব্যাধিগ্ৰস্ত — তেজ মাংসৰ নিতান্ত অভাৱ। চকুত প্ৰথমেই পৰে সিহঁতৰ ক’লা ক’লা সিৰবিলাক। চকুত কাতৰ দৃষ্টি। সকলোৱেই মাটিত চেপেটা লাগি থকাৰ পৰা যেন এইমাত্ৰ মূৰ তুলিছে। ছবিখনৰ এফালে পলায়ন-তৎপৰ এক বিৰাটাকাৰ দৈত্য আৰু বিপৰীত ফালে এজনা দেৱী। দেৱীৰ চকুত কৰুণাৰ ধাৰা; শাৰীৰিক গঠনত নাৰীৰ কোমলতা, মুখত মাতৃৰ অভয় বাণী, সম্মুখলৈ মেলি দিয়া সোঁ হাতখনিত সান্ত্বনাৰ স্নিগ্ধ পৰশ।
ছবিখন চাই মালৱিকা গম্ভীৰ হ’ল, এটা কৰুণাৰ ধাৰা যেন গোটেই শৰীৰ ঢাকি বৈ গ'ল।
মাধৱে সুধিলে — “কেনে দেখিলা?
মালৱিকা। ছবিখন ইমান কৰুণ!
মাধৱ। বাৰু, তুমি কি বুজিলা?
মালৱিকা। ভালকৈ একো বুজা নাই।
মাধৱ। মন দি চোৱাঁ, বুজিবা।
মালৱিকা। বোধ কঁৰো এই দৈত্যটোৱে এই মানুহ-