সমললৈ যাওক

পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[২]

সাহিত্যক ভাল পাওঁ, এয়ে আমাৰ সামান্য পৰিচয়। আমাৰ ভাষা আৰু সাহিত্যৰ ভবিষ্যৎ উজ্জ্বল এয়ে আমাৰ চিৰন্তন বিশ্বাস। মানুহক কোৱা শুনোঁ যে অসমীয়া জাতিটোৰ হেনো জীৱন-মৰণৰ সন্ধিক্ষণ। এনে কথা শুনিলে অৱশ্যে গা চেঙাই যায়। কিন্তু ইমানদিন এই কথাষাৰ শুনি আহিলোঁ আৰু অসমীয়া জাতিটো এতিয়াও মৰা নেদেখি, আমি এতিয়া কব নোৱাৰো নে যে মৰা হলে ইমানদিনে আমি মৰিলোহেঁতেন, ইমান সঙ্কট অৱস্থাৰ মাজেৰে অতদিন চলিল যেতিয়া আৰু নমৰোঁ। এক প্ৰকাৰৰ চিকিৎসক আছে ৰোগীৰ ওচৰ চাপিয়ে কয় অলপপৰ তথাকথিত ভাৱে চোৱাচিন্তা কৰি, ‘অৱস্থা বৰ ভাল যেন দেখা নাই, চোৱা যাওক চেষ্টা কৰি’। ৰোগীৰ ওচৰ সম্বন্ধীয় সকলে ভাৱে ‘কেনে জ্ঞানী ডাক্তৰ’। অস্তিত্ব সম্বন্ধে বা আমাৰ জাতিটোৰ আসন্ন মৃত্যু সম্বন্ধে সজাগ কৰি দিয়া সকলকো মই সেই চকুৰেই চাওঁ। ৰোগীও অলপ গম পায় চাগৈ মৰিব নে জীব। আপোনালোকে নিজৰ বুকুত হাত দি চাওকচোন কেনে যেন পাইছে। বুকুৰ ধপধপনি থাকিলেও অস্তিত্বৰ সহাঁৰি পাব। আপোনালোকৰ অনুভূতি যদি আমাৰ লগত মিলে তেনেহলে আৰু কিছুদিন আমাৰ অন্নজল নিশ্চয় আছে। যেয়ে যি নকওক, মৰণ আমাৰ বহুত দূৰত। অৱস্থাৰ লগত খাপ খাই চলিব নোৱাৰিলে জাতিৰ মৰণ সন্নিকট হৈ আহে। নৃতাত্ত্বিক সকলৰ এই মত। সেই কাৰণে আৱশ্যক হ'লে ৰুচিৰ পৰিৱৰ্ত্তন কৰিও সময়ৰ লগত বঠা মাৰি আগ বাঢ়িব লাগিব; সোঁতত নাও এৰি দিয়াৰ কথা কোৱা নাই! দ্ৰুত গতি আৰু ধীৰ ছন্দ যেন আমাৰ আয়ত্ব হয়।

 আদৰণি সভাত প্ৰায় দেখোঁ যে, যি ঠাইত সভা বহে সেই ঠাইৰ ইতিবৃত্তৰে অতিৰঞ্জিত নহলেও সুৰঞ্জিত ছবি এখন থাকে। ম‍ই তেনে চিত্ৰ অঁকাৰ প্ৰয়োজন দেখা নাই—কাৰণ আপোনালোক আটায়ে সুধীজন, তাতে বুৰঞ্জী শাখাৰ সভাতো অনুমান কৰে। এইবোৰ কথাই আলোচিত আমাৰে এজন সুশিক্ষিত দেশপ্ৰেমিক ডেকাই তাত সভাপতিত্ব কৰিব। মূল্যৱান প্ৰৱন্ধৰাজিও সংগৃহীত হৈছে, শুনিবলৈ পাইছো। হব।

 গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য্য সম্বন্ধে আপোনালোকক কবলৈ গলে আপোনালোকৰ সৌন্দৰ্য্য জ্ঞানৰ অনাদৰ কৰা হব। আপোনালোকৰ