সমললৈ যাওক

পৃষ্ঠা:আদৰণি সম্ভাষণ.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
 

শ্ৰদ্ধেয় সভাপতি ডাঙৰীয়া আৰু
সাহিত্যসেৱী বন্ধুসকল,

 গতানুগতিকভাৱে আপোনালোকক আদৰ আহ্বান জনাবলৈ ভাল পোৱা নাই, কাৰণ কথাৰে মোহিণী মাৰিব পৰা বিধৰ মানুহ মই নহওঁ— বৰং বিশ্বাস কৰোঁ যে কামেই মানুহৰ আত্মীয়তাৰ পৰিচয় দিয়ে বেছি। মোৰ বিষয় বুদ্ধি বেছি নাই বুলি জানোঁ,— আদৰণিৰ আয়োজন যে আমাৰ নিখুঁত নহব তাকো জানোঁ। সেই কাৰণে আপোনালোকৰ আগত এই দায়িত্ব লৈ থিয় হবলৈ দ্বিধা বোধ কৰিছিলোঁ। আপোনালোকৰ থকামিলা আদিত যে বিশেষ সুবিধা হৈছে ম‍ই নাভাবোঁ, কিন্তু সকলো অসুবিধা সহৃদয়তাৰে সহ্য কৰিব বুলি আশা কৰোঁ- আমাৰ অৱশ্যে চেষ্টা আছে আপোনালোকৰ অসুবিধাবোৰ লাঘৱ কৰিবলৈ। আমি গৌৰৱ বোধ কৰিছোঁ আপোনালোকৰ উপস্থিতিত, আনন্দ পাইছোঁ আপোনালোকৰ সহযোগত আৰু আপোনালোকৰ সন্মিলিত চেষ্টাই আমাৰ সাহিত্যলৈ, ভাষালৈ নতুন দিন আনিব এয়ে আমাৰ বিশ্বাস। আশাদীপ্ত বুকু লৈ বিনয়-নম্ৰভাৱে দুষাৰ কথাকৈ আপোনালোকক আমাৰ আদৰৰ অৰ্ঘ্য যাচিছোঁ—ত্ৰুটি হ'লে মৰষণ কৰিব।

 সাহিত্য সম্বন্ধে কিবা কোৱা মোৰ পক্ষে নিতান্ত ধৃষ্টতা হব, কাৰণ আপোনালোক বহুতে এই বিষয়ে যিমান জানে বা বুজে, অলোচনা কৰিছে বা কৰিবলৈ সাজু আছে তাৰ আংশিক দক্ষতাও মোৰ গাত নাই। অসমীয়া সাহিত্যিকৰ শাৰীত পাত পাৰিবলৈ যত্ন কৰা নাই। ভাষা আৰু