[৩]
মাজত কবি, দাৰ্শনিক, কলাবিদ, সাহিত্যিক সকলো ৰকমৰ সুধী আছে— আপোনালোকক আজি গুৱাহাটীৰ সৌন্দৰ্য্যলৈ সজাগ কৰা চেষ্টা নিষ্প্ৰয়োজন। ধুনীয়া আকাশৰ কথাই নকওঁ, সন্ধ্যা, ললিতা, কান্তাৰ মিলিত কলগানৰ কথাই নকওঁ, লুইতলৈ পুৱা বা গধূলি সময়ত এটা ভূমুকি মাৰিলেই মন-প্ৰাণ পুলকিত হয়; কবিয়ে লুইতলৈ চাই আত্মবিদ্যুত সুৰত গাইছিল—
“ৰক্তজবা ৰূপধৰি সান্ধ্য দিনমণি
লীন যায় সোণালী সোঁতত;
সমাধি সঙ্গীত গায় বিহঙ্গিনী কূল,
তটিনীৰ কৰুণ সূৰত।”
এই সুৰৰ কঁপনিয়ে চাৰিদিকে বিয়পি আছে—আকাশে বতাহে।
আমাৰ কলা, কৃষ্টি, আদিৰ ঐতিহ্য সম্বন্ধেও বক্তৃতা অনাৱশ্যক। এসময়ত ইয়াৰ জলবায়ু ভাল আছিল, এনে কথাই কাৰোবাক সন্তোষ দিব নে, বৰ্ত্তমান জলবায়ু যদি বেয়া হয়? বৰ্ত্তমান গুৱাহাটী পুৰণি প্ৰাগ্জ্যোতিষৰ খোজতে আগবাঢ়িছে বুলি আমি অনুমান কৰোহঁক। নৰকাসুৰৰ ৰাজধানী, ভগদত্তৰ ৰঙ্গভূমি, কুমাৰ ভাস্কৰবৰ্ম্মাৰ কীৰ্ত্তিমণ্ডিত দেশ, লাচিতৰ বীৰত্বৰ পটভূমি—এই সকলোৱে আপোনালোকৰ অবগত। বশিষ্ঠৰ পৰা আগ্নিবাণেশ্বৰ, দীৰ্ঘেশ্বৰী, পাণ্ডুনাথ, কামাখ্যা, অশ্বক্ৰান্ত শুক্ৰেশ্বৰ, উমানন্দ কোনখন দেৱালয়কে বা আপোনালোকে নাজানে কোনখনৰে বা মাহাত্ম্য বা গৰিমা কম? কিন্তু বাহিৰত এই দেৱালয়বোৰৰ যেনে গৌৰৱ আমি তিমান সজাগ নে? অৱশ্যে বাতৰি কাকতৰ কথা যদি সঁচা হয়, মটৰ যানেৰে ভূৱনেশ্বৰীলৈ আপোনালোকে অচিৰতেই যাব পাৰিব। পানীৰ সমস্যাও সমাধান হব বুলি আশা কৰোঁ। প্ৰাগজ্যোতিষৰ ৰাজনৈতিক কীৰ্ত্তি ঘুৰি আহক নাহক, জ্ঞান বিজ্ঞানৰ যুগ আহিব বুলি আশা কৰোঁ। আমাৰ বিশ্ববিদ্যালয় চালুকীয়া হলেও ইয়াত যিমানবোৰ বিষয়ৰ শিক্ষাদানৰ ব্যৱস্থা কৰা হৈছে আৰু দেশবিদেশৰ পৰা যিমানবোৰ অধ্যাপক আৰু বিদ্বান লোকৰ সমাবেশ কৰা হৈছে, অদূৰ ভবিষ্যতত আমাৰ পূৰ্ব্ব কীৰ্ত্তি পুনৰ উজ্জীৱিত হব বুলি বিশ্বাস। এটি