পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )

 সদাই মন দি পঢ়িবাঁ৷ ধেমালি নকৰিবা৷ ভাল লৰাই সদাই মন দি পঢ়ে, ধেমালি কৰি নুফুৰে৷ পিতৃ মাতৃৰ কথা শুনিবা৷ তেওঁবিলাকৰ কথা মতে চলিবাঁ। নিতৌ সিবিলাকক সেৱা কৰিবাঁ৷ শিক্ষকে কোৱা কথা সদাই মনত ৰাখিবাঁ। নিতৌ পঢ়াশালিলৈ গৈয়ে তেওঁক এটি নমঃকাৰ কৰিবাঁ। এলেহুৱা মানুহ দুখত পৰে৷ অধিক কৈ নেখাবাঁ৷ সৰহকৈ খোৱা মানুহ রুগীয়া হয়৷ দুখীয়াক পুতৌ কৰিবাঁ। মৰমৰ সমান ধৰম নাই৷

 

 তুমি সদাই সঁচা কথা কবাঁ। মিছা কথা কেতিয়াও নকবাঁ। মিছা কোৱা বৰ দোষ৷ মিছা কথা কলে কেওঁৱে সঁজাত নকৰে৷ মিছলীয়া মানুহে সচা কলেও কোনেও নপতিয়ায়৷ মিছা কথা কোৱা লৰাক সকলোৱে ঘিণ কৰে৷ আরু সমনীয়া লৰাবোৰে লাজ দিয়ে৷ কাৰো একে চুৰ নকৰিবাঁ৷ চুৰ কৰা বৰ বেয়া কাম৷ চোৰক এটায়ে ঘিণ কৰে, আরু লাজ দিয়ে৷ সি আগত