পৃষ্ঠা:আদিপাঠ - আগছোৱা.djvu/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[ ১৯ ]

 তুমি কি পঢ়িছা? সেইখন কি কিতাপ? আদি পাঠ৷ কিমানলৈকে পঢ়িছা? বাৰে মতৰা আরু নামফলি লৈছোঁ৷ তোমাৰ নাম কি? মোৰ নাম ভোলানাথ৷ তুমি লিখিব পাৰানে? অলপ অলপ পাৰোঁ৷ বারু, লিখা৷

 

 আখৰ বোৰ গোট গোট কৈ লিখাঁ৷ চিঁয়াহি পৰিব চাবাঁ, সিমান খৰকৈ নেখেলিবা৷ টোপা নেপেলাবাঁ। শাৰী বোৰ পোণ আরু আখৰ বোৰ সমান হব লাগে৷ কাপটো ভালকৈ ধৰাঁ৷ নোমোহাৰিবাঁ৷ বেয়া হলে আঁচ মাৰি থবাঁ৷ আকৌ লিখিবা৷ কি লিখিলা চাঁও?

 

 এতিয়া পঢ়া৷ হাই নকৰিবাঁ৷ লাহে লাহে ফুটাই মাতাঁ৷ চিন বোৰলৈ মন কৰি যাবাঁ, যত চিন নাই, তত নৰবাঁ এটা চিনৰ পৰা আন এটা চিনলৈকে মাতিবাঁ থিৰ হৈ বহাঁ৷ মনে মনে থকাঁ৷