এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১ )
ওলালে সকলোৱে তাক হাই দিয়ে৷ এতেকে তুমি লোকৰ একোকে নুচুবাঁ৷
কাৰেও হাই উরুমি নকৰিবাঁ৷ লগৰ লগৰীয়া আরু ভাই ভনীক ম'ম কৰিবাঁ৷ সিবিলাকেৰে মিলেৰে থাকিবাঁ৷ গুরু আরু পিতৃ মাতৃক মান কৰিবাঁ৷ বৰ মানুহৰ নাম নেকাঢ়িবাঁ৷ সকলোতে সরুহৈ ফুরিবাঁ। সকলোকে মিঠা মুখেরে মাতিবা কেটেৰা মাত নেমাতিবাঁ। কালৈকো ওপৰহাত নকরিবাঁ৷ লাজ বা ঘিণ লগা, নাইবা লোকে বেয়া পোৱা কথা নকবাঁ৷ চেলেপু মানুহৰ দৰে কথায় পতি শপত নেখাবাঁ।
অন্ত।