এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮ )
| ৰাতি | পুৱা | কিয় | শোৱাঁ |
| বেয়া | এলে | হুয়া | হোৱা |
| উঠি | বহাঁ | কাপোৰ | লোৱাঁ |
| মুখ | ধোৱাঁ | উঠি | যোৱাঁ |
| অলপ | ফুৰি | এলাহ | এৰি |
| পুথি | ফলি | লোৱাঁ | মেলি |
| নিজর | পাঠত | মন | দিবা |
| তেহে | ওজাৰ | মৰম | পাবা |
| নতুন | পাঠ | আগে | লোৱাঁ |
| আগৰ | পাঠ | এবাৰ | চোৱাঁ |
| লিখি | পঢ়ি | গা | ধুবাঁ |
| নিকা | কাপোৰ | গাত | লবাঁ |
| খাই | বৈ | পুথি | লৈ |
| পঢ়া | শালি | যাবাঁ | গৈ |
বেলি হল। পঢ়িবলৈ ওলোৱাঁ৷ পলম নকৰিবাঁ। কাপোৰ শলোৱাঁ৷ ফলি পুথি লোৱাঁ। পঢ়াশালিলৈ বলাঁ৷ পলম হলে ওজাদেৱে খং কৰিব৷