পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯

 আমি চাহ বাগিচাত কাম কৰো। আমাৰ ল'ৰা তিৰোতাবিলাকেও কাম কৰে।

 আমি লেখা পঢ়া নাজানো। আমাৰ বাগিচাৰ মহৰি, মেনেজাৰ এই সকলে জানে। আমাৰো কিতাপ, খবৰৰ কাকত পঢ়িবৰ মন।

 আমাৰ বাগিচাত নতুনকৈ পঢ়াশালি হৈছে। তাত আমাৰ লৰা-ছোৱালী বিলাকক পঢ়াম। আমিও ৰাতি পঢ়িম। খেল-ধেমালি হাতৰ কাম-বন আদিও শিকিম।