পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮

 মই আটিলা গাৱঁত থাকোঁ। মই আটিলা গাঁৱৰ এজন ভাল মানুহ। মোৰ দুহাল বলদ গৰু, দুটা ধানৰ ভঁৰাল আৰু এখন গৰু গাড়ী আছে। মোৰ বাৰীত তামোল-পাণ, আম-কঠাল বহুত আছে।

 মোৰ দুটা ল'ৰাই বিদেশত চাকৰি কৰে। সিহঁতে মাহে মাহে টকা পঠিয়ায়। সিহঁতৰ পৰা সাতদিনে সাতদিনে চিঠি পাওঁ। মই হলে পঢ়িব নাজানো। এইটো মোৰ দুখ। আন একোৰে দুখ নাই। সিহঁতৰ পৰা টকা আহিলে মই টিপচহী দি ল'ব লাগে। তেতিয়া মই বৰ লাজ পাওঁ। সৰুতে লেখা-পঢ়া নিশিকাৰ ভুল মই এতিয়া বুজিছোঁ। সেই ভুল শুধৰাবৰ এতিয়া সুচল হৈছে। এতিয়া মই লেখা পঢ়া শিকিমেই। বেছি নহলেও কাম চলাবলৈ শিকিমেই।

 আমাৰ গাঁৱৰ শিক্ষকজনক মোৰ ঘৰতেই ৰাখিম।