পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[১৬]

 মোৰ এহাল গৰু আছে। তাৰে মই হাল বাওঁ। খেতিৰ মাটি মোৰ নিজৰে। মই আহু, শালি, মাহ সৰিয়হ, মৰাপাট, কুঁহিয়াৰ সকলোৰে খেতি কৰোঁ।

 বতৰত শাক-পাচলি, লাও, কোমোৰা,কবি, মূলা, উৰহী, বেঙেনা—এইবোৰৰ খেতিও কৰোঁ। তাৰে কিছু খাওঁ; কিছু বেচোঁ। ধান, সৰিয়হ, মৰাপাটো কিছু বেচোঁ। লাভ ভালেই হয়। লাভৰ ধনেৰে