পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৫]

 আমাৰ বাৰীত এজনী চৰাই আছে। সেই চৰাইজনী গছৰ খোৰোং এটাত বাহ সাজি থাকে। তাই বৰ ধুনীয়া। ইমান ধুনীয়া যে চালে চকু ৰৈ যায়। চৰাইজনী কেতিয়াবা কেতিয়াবা আমাৰ চোতালত পৰেহি। তাই আহাৰ বিচাৰি আহে। ধানৰ বতৰত ধান খুটি খায়হি। আন সময়তো তাইক আমি আহাৰ দিও।
 কি আহাৰ দিয়া?
 ধান, মাহ, চাউল, চিৰা,—এইবোৰ।
 তাই ভয় নকৰে নে?
 নকৰে। আমি আটায়ে তাইক মৰম কৰোঁ। তাই সেই কথা বুজি পায়। পশু পক্ষীয়েও মানুহৰ মৰম চেনেহ বুজি পায়।