পৃষ্ঠা:আদিপাঠ- প্ৰথম ভাগ.djvu/১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
[ ১৪ ]


আজি গাজি খুৱাবা যাবা গাৱঁত

তোমাৰ ঘৰ ক’ত?
মোৰ ঘৰ এই গাৱঁত।
তুমি আজি ঘৰলৈ যাবা নে?
মই আজি ঘৰলৈ যাম।
তোমাৰ ঘৰত কোন আছে।
মোৰ ঘৰত আই-বোপাই,
ভাই-ভনী আছে।
মই আজি তোমাৰ ঘৰলৈ যাম।
পানী খুৱাব পাৰিবা নে?
পাৰিম। অকল পানী নহয়,
গাজি কলো খুৱাব পাৰিম।
আজি আমাৰ ঘৰত সকাম।

 মোৰ কিতাপো আছে। তুমি কিতাপ পঢ়িব‌ও পাৰিবা। তুমি আজি আমাৰ ঘৰলৈ যাব লাগে।