পৃষ্ঠা:আদিচৰিত.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
আদি চৰিত

বৰদোৱা গৃহে গৈ  ৰত্নপুৰ দেশে গৈ
 পুনুৰূপি ফিৰি আহোঁ মই।
যদি তজু আজ্ঞা পাওঁ কালি মই তৈকে যাওঁ
  অল্প দিনে আসিবোঁ ইঠাই।
হেন শুনি নৰপতি  বিদায় দিলেক গতি
 নৰনাৰায়ণ মহাৰাই।
হেন শুনি সৰ্ব্বজন  গৈলা পুনু ৰঙ্গ মন,
  পাইলা গৈয়া আপোন ভৱন।
হেন দেখি সন্ত সবে ৰজাক প্ৰশংসে আবে
 ভাল ৰাজা নৰনাৰায়ণ।
অনিৰূদ্ধে সেহি বেলা  শূন্যময় গৃহ পাইলা
  উৰল উপৰে উঠিলেক।
শাস্ত্ৰক আনিবে মনে  হাত মেলি ৰঙ্গ মনে
  শাস্ত্ৰ জপা মূধে উঠিলেক।
হেন দেখি অনিৰূদ্ধ  শাস্ত্ৰক কৰিয়া ক্ৰুদ্ধ
 গুৰু শোৱা শয্যাত উঠিলা।
হেন দেখি শাস্ত্ৰখান  আসিল পূৰ্ব্বৰ থান
 অনিৰূদ্ধে নমাই আনিলা॥ ৭০৫
সেহি জপা মেলি চাই পূৰ্ব্ব শাস্ত্ৰ তথা পাই
 মনে বৰ আনন্দ কৰিলা।
জপাগোট বান্ধি থৈয়া  গৃহৰ বাহিৰ হৈয়া
 কল্পতৰু শাস্ত্ৰক পঢ়িলা।