পৃষ্ঠা:আদিচৰিত.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১
আদি চৰিত

দেখে আছে সবে সাৰ ভালেতো শঙ্কৰে আক
 গুপ্ত ভাৱে লুকাই ৰাখিল।
এতকাল দেখা নাই  কালিসে দেখিলোঁ মই
  আজি তত্ত্ব বুজিলোঁ সকল।
এহি শাস্ত্ৰ মই লৈ  অকলে থাকিবোঁ গৈ
  নলাগয় ভক্তি শঙ্কৰৰ।
এহি ভাবি অনিৰূগ্ধ  পশিলা বনৰ মাজ
  চুৰি কৰি থৈলা শাস্ত্ৰবৰ।
পুনু গৃহে আসি পাচে  অনিৰূদ্ধ বহি আছে
 মহা ৰঙ্গ কৰিয়া মনত।
মাধৱ বদতি আবে  দেখা দেখা সন্ত সবে
 কিনো অনিৰূদ্ধৰ মহত।
অনিৰূদ্ধ, যদুমণি  মুৰাৰি সহিতে আমি
 সুমন্ত ভূঞাৰ বংশ যত।
ইসৰ প্ৰমুখ্য কৰি  শঙ্কৰ স্বৰূপে হৰি
  বংশে জন্মি পাতিলা মহন্ত॥ ৭১০
অনিৰূদ্ধে তথাপিতো  ভাল নপাইলেক সিটো
 দেখা গুৰু শয্যাত চড়িলা।
বংশৰ এৰিলে লাগ  এৰি গুৰু ভক্তি ভাগ
 শাস্ত্ৰখান চুৰি কৰি নিলা।
মাধৱ বদতি আবে  শুনিয়োক সন্ত সৱে
 সবে আমি গৃহ পাইলোঁ যাই।