পৃষ্ঠা:আদিচৰিত.djvu/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
আদি চৰিত

ৰাতিগোট বঞ্চিলন্ত   প্ৰভাততে উঠিলন্ত
 গুৰু কথা সবাতো কহিলা।
ৰাজাত বিদায় লওঁ   বৰদোৱা গৃহে যাওঁ
  মোৰ লগে সৰ্ব্বজন চলা।
হেন শুনি সৰ্ব্বজন   ওলাইলেক ৰঙ্গমন
  গৃহত নথাকি একো জন।
গৃহ সে উজাৰ ভৈলা   শঙ্কৰৰ লগ লৈলা
 দেখি গুৰু বুলিলা বচন।
শঙ্কৰে বোলন্ত আবে   শুনিয়োক সন্ত সবে
  একজন গৃহ ৰাখিয়োক।
হেন শুনি পোৰা পুত্ৰ   অনিৰূদ্ধ নামে খ্যাত
  তেহুঁ পাচে বুলিলা গুৰুক।
মই সবে ৰাখোঁ ঘৰ,   চলি যায়ো নিৰন্তৰ
  অকলে ৰাখিবোঁ মই ঘৰ।
হেন শুনি সৰ্ব্বজনা   চলি গৈলা ৰঙ্গ মন
  পাইলা গৈয়া নৃপতিৰ ঘৰ।
গুৰুক দেখিয়া ৰাজা   সঙ্গে লৈয়া বহু প্ৰজা
  আগ বাঢ়ি নিলা মহাৰাই।
সভাত বসাইলা নিয়া   কৰ্পূৰ তাম্বুল দিয়া
 গুৰুক নমিলা ৰাজা গৈ॥ ৭০০
সেহি বেলা ভগৱন্ত   নৃপতিক বুলিলন্ত
 শুনা কথা কামৰূপ ৰাই।