পৃষ্ঠা:আদিচৰিত.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আদি চৰিত

কায়বাক্য মনে ভজা শঙ্কৰৰ পাৱে।
সংসাৰ সমুদ্ৰ শঙ্কৰেসে দৃঢ় নাৱে।
নিস্তাৰ কৰন্তা নাই শঙ্কৰত বিনে।
জানি শঙ্কৰত ভক্তি কৰা ৰাতি দিনে।
শঙ্কৰেসে পিতা মাতা শঙ্কৰেসে দেৱ।
শঙ্কৰত বিনে গতি নাহিকয় কেৱ॥৬৯০
নামেসে পৰম গতি চাৰিও যুগৰ।
কলিযুগে হৰি নাম অতি শ্ৰেষ্ঠতৰ।
মাধৱ বদতি কহে অতি অল্পমতি।
নিৰন্তৰে শঙ্কৰত কৰিয়ো ভকতি।
ধন্য কলিযুগ ধন্য শঙ্কৰৰ নাম।
গুৰু সেৱা ধৰ্ম মহা মোক্ষ অনুপাম।
ইহাত বিশ্বাস যাৰ সাধে মুখ্য কাম।
মাধৱ বদতি ভণে বোলা ৰাম ৰাম॥৬৯৫


ছবি।

মাধৱ বদতি আবে শুনিয়োক সন্ত সব
 হেন কথা আত অনন্তৰ।
বাদ সমাপতি কৰি শ্ৰীমন্ত শঙ্কৰ হৰি
 বাসা গৃহে ৰহিলা ঈশ্বৰ।