পৃষ্ঠা:আদিচৰিত.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৪
আদি চৰিত

প্ৰভাততে দেৱী   গৃহ সাজি ৰাজা
 দেবী পূজা আৰম্ভিলা।
শুদ্ধ সুবৰ্ণৰ  দেখিতে সুন্দৰ
  মুৰ্ত্তি সাজি দশভূজা।
বিধিমতে ৰাজা   অধিবাস কৰি
  নিতে কৰে দেবী পূজা॥ ২১৪
এহি মতে ৰাজা   কৰে দেবী পূজা
 গোসানী বশ ভৈলন্ত।
ৰাজাৰ ভক্তিত  তুষ্ট হুয়া দেবী
  সৌমাৰত বহিলন্ত।
সৌমাৰ নৃপতি   কৰিয়া ভকতি
 গোসানীক পূজিলন্ত।
ইন্দ্ৰবংশী ৰাজা  স্বৰ্গমূল নাম
 বৰগুৱা নগৰত ॥ ২১৬
শিৱ বৰে ৰাজা   ভৈলা সৌমাৰত
  দিহিঙ্গ নদী তীৰত।
এহিমতে ৰাজা  গোসানী সেবিলা
  পাইলা ধৰ্ম্ম বিপৰীত।
তাহাৰ গৃহত   ৰৈলা ভগৱতী
 অনেক ঐশ্বৰ্য্য ভৈলা।
বিধিৱতে ৰাজা   অনেক প্ৰকাৰে
 গোসানী পূজা কৰিলা ॥ ২১৮