পৃষ্ঠা:আদিচৰিত.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
আদি চৰিত

শুনা সভাসদ   বংশাৱলী পদ
  আদি বে চৰিত্ৰ নাম।
শ্ৰীমন্ত শঙ্কৰ   ভৈলা অৱতাৰ
 সবে লৈয়ো তান নাম।
কলিযুগে জানা নাহি নাহি আন
 সবে লৈয়ো ৰাম নাম।
মাধৱ বদতি কহে অল্পমতি
 ডাকি বোলা ৰাম ৰাম॥২২০

 

পদ।

শঙ্কৰ বদতি কথা শুনা মহাৰাই।
তুষ্ট হুয়া ভগৱতী ৰৈলা সেহি ঠাই।
এক দিনা সভাত বসিয়া নৰপতি।
পাত্ৰ মন্ত্ৰী সমস্তকে অনাইলন্ত মাতি।
নৃপতি বদতি কথা শুনা সৰ্ব্বজন।
মোৰ আগে ভগৱতী দেখাইলা সপোন।
লোহিতৰ ৰত্নপুৰ আচাম বোলয়।
ৰত্নপৃষ্ঠে বিশ্বনাথ নগৰ আছয়।
তাত আৰিমত নামে ৰাজা আছিলেক।
ৰাজ্য ভোগ অন্তে সিটো ৰাজা মৰিলেক॥ ২২০