পৃষ্ঠা:আদিচৰিত.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
আদি চৰিত

দূত পঠাই বাৰ্ত্তা  ভূঞাত কহিবা
 বৰন্তোক ভূঞাগণে।
হেন বাৰ্ত্তা শুনি   খেদি আসিবেক
 তোমাকে যুজিবে মনে॥ ২০৮
মই নাহি সঙ্গে   আসিবেক খঙ্গে
 সীমা বন্ধ পাসৰিব।
লোহিতৰ পাৰ   হুয়াঁ ভূঞাগণ
 তোমাক ৰণ কৰিব।
পাচে তুমি ৰণ   জিনিবা ৰাজন
 বৰাইবাহা ভূঞাগণ।
ভূঞাকে বৰাইবা  সেহি ৰাজ্য পাইবা
 পাইবা অসংখ্যাত ধন॥ ২১০
আজি হন্তে তুমি পূজিবাহা মোক
 মই ভৈলোঁ তজু ঠাই।
ৰাজাক ইসব  দেখায়া সপ্তক
 অন্তৰ্দ্ধান ভৈলা আই।
হেন সুমঙ্গল   সপ্ন দেখি ৰাজা
 উঠিলা জাগি নিদ্ৰাৰ।
শয্যা এৰি ৰাজা   ভূমিত পৰিয়া
 তুতি কৈলা নৰেশ্বৰ॥ ২১২
অনেক প্ৰকাৰে  তুতি কৰি ৰাজা
 ৰজনী ক্ষয় কৰিলা।