পৃষ্ঠা:আদিচৰিত.djvu/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
আদি চৰিত

লোহিত পাৰত   আচাম দেশত
 যত নৰ হোৱে আতি॥ ২০২
গোসানী পূজিবি   ৰণজয় হৈবি
 সীমা বাজে নুযুজিবি।
গোসানী নুপূজি   সীমা বাজে যুজি
  ৰণত বিজয় হৈবি।
সূৰ্য্যে হেন বৰ   দিয়াছিল পূৰ্ব্বে
  আছিলোঁহোঁ পক্ষ হুই।
বাঢ় ভূঞাগণে   বৈতে ৰণ কৰে
 মইসে কৰাওঁ জয়॥২০৪
ভূঞাৰ গৃহত   আছো বহু দিন
 পূজি মোক ৰাখিছিল।
এহি ক্ষণে সবে  ধনৰ গৰ্ব্বত
 মোহোৰ পূজা এৰিল।
হেন দেখি মই   আইলোঁ তজু ঠাই
 তাসম্বাৰ লগ এৰি।
এহি সময়ত   মন্ত্ৰী ভূঞা যত
 আছয় মোক পাসৰি॥ ২০৬
এহি বেলা ৰাজ   সঙ্গে লৈয়া প্ৰজা
 লোহিত সমীপে গৈ।
সীমাৰ বাহিৰে  ৰৈয়া নৰেশ্বৰ
  নদী তীৰে ৰৈবা গৈ।