পৃষ্ঠা:আদিচৰিত.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
অদি চৰিত

যেতিক্ষণে উমা  ভূঞাগণ এৰি
 নৃপতিৰ পাশে গৈলা।
সেহি দিনা হন্তে জানা নৰেশ্বৰ
  ভূঞাৰ বিপদ ভৈলা।
এক দিনা ৰাতি   সৌমাৰ নৃপতি
 নিদ্ৰাগত হুয়া আছে।
তান্ত অনুগ্ৰহ   কৰি ভগৱতী
 সপ্ন দেখাইলেক পাচে॥ ১৯৮
শুনিয়ো নৃপতি  মই ভগৱতী
 আসি আছোঁ ভজু ঠাই।
তই ভক্ত ৰাজা   মই দশভুজা
  মোক পূজা তোৰ ঠাই।
লোহিত পাৰত   ৰত্ন যে পুৰত
  বিশ্বনাথ নগৰৰ।
আচাম দেশত আছিল পূৰ্ব্বত
 আৰিমত নৰেশ্বৰ ॥২০০
সেহি মৰিলন্ত   অৰাজা ভৈলন্ত
  তাহাৰ নগৰ খান।
তান মন্ত্ৰীপুত্ৰ   সূৰ্য্য বংশে জাত
 আছে বাঢ় ভূঞাগণ।
সূৰ্য্যে বৰ দিয়া  আছে তাসম্বাক
 মোক পূজিবাক প্ৰতি।