পৃষ্ঠা:আদিচৰিত.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
আদি চৰিত

যেন শুনি ভূঞা   সমন্তে বোলয়
  আতিশয় গৰ্ব্ব কৰি॥
শুনৰে কছাৰী   আতি অনাচাৰী
  সত্বৰে ঐৰ অন্তৰ।
হেন নিন্দা শুনি   কছাৰী নৃপতি
  ক্ৰুদ্ধ কৰিলন্ত বৰ॥ ১৯২
যুক্তিবাক আজ্ঞা   দিলন্ত ৰজায়ে
  দুৰ্ঘোৰ সমৰ ভৈলা।
যুদ্ধে নপাৰিয়া   কূৰ্ম্মপৃষ্ঠ ৰাজা
  প্ৰাণ ৰাখি পলাই গৈলা॥
এহিমতে সবে   শান্তানু নন্দন
  আপোন দেশে আচন্ত।
সতৰি বৰিষ   পূজি ভগৱতী
   অনেক ভোগ কৰন্ত॥ ১৯৪
তাত পাচে সবে   জ্ঞানশূন্য হুয়া
  গোসানী সেৱা হেলিলা।
ধনৰ গৰ্ব্বত   অৱহেলা কৰি
  গোসানী পূজা এৰিলা॥
যেতিক্ষণে তান   পূজা এৰিলন্ত
   চণ্ডীকাৰ ক্ৰোধ ভৈলা।
ৰত্নপুৰ দেশ   এৰি জগৱতী
  সৌমাৰত প্ৰবেশিলা॥ ১৯৬