পৃষ্ঠা:আদিচৰিত.djvu/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
আদি চৰিত

হেন দেখি আতি  ছুটিয়া নৃপতি
   যুজিবাক আজ্ঞা দিলা॥
ভূঞায়ে সহিতে  যুদ্ধ কৰি পাচে
  ছুটিয়া পৰাস্ত ভৈলা।
বলে নপাৰিয়া  বিদৰ্ভ নৃপতি
  নিজদেশে পলাই গৈলা॥ ১৮৬
সেহি যুদ্ধ কৰি  বাঢ় যে ভূঞায়ো
  আপোন দেশত ৰৈলা।
এহি বাৰ্ত্তা শুনি   কছাৰী নৃপতি
  ৰাজা হৈবে মন কৰি।
যুদ্ধ সাজে সাজি   কছাৰী নৃপতি
  আইলা অতি শীঘ্ৰ কৰি॥ ১৮৮
ৰত্নপুৰ পাই   কছাৰীৰ ৰাই
  ভূঞাৰ সমীপে গৈলা।
ভূঞাসকলক  চাহিয়া নৃপতি
  মধুৰ বাক্য বুলিলা॥
ৰাজায়ে বোলন্ত   শুনা ভূঞাগণ
  মোহোক লৈয়োক ৰাজা।
তুমি সবে মন্ত্ৰী   মই ৰাজা ভৈলে
  সমস্তে খাটিব প্ৰজা॥ ১৯০
হেন জানি সবে  মোক ৰাজা পাতা
  কন্দলক পৰিহৰি।