পৃষ্ঠা:আদিচৰিত.djvu/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
আদি চৰিত
 

দুলৰী।

শঙ্কৰ বদতি   শুনিয়ো নৃপতি
 কথা আত অনন্তৰে।
শান্তানুৰ পুত্ৰ  ভূঞা বাঢ়জন
 আচন্ত লখিমীপুৰে॥
সেহি নগৰত   ৰাজা নাহিকন্ত
 বাঢ়জন মন্ত্ৰী ভৈলা।
কতো দিন থাকি   ভূঞা যে শান্তানু
 পৰলোকে চলি গৈলা॥ ১৮২
পিণ্ড জলাঞ্জলী   কৰি পুত্ৰগণ
  আচন্ত সিটো থানত।
সেহি সময়ত   ছুটিয়াৰ ৰাজা
  আসি ভৈলা উপগত॥
ৰাজা নিগদতি  শুনা ভূঞাগণ
  তোমাসাৰ ৰাজা নাই।
ইটো নগৰত   মোক ৰাজা পাতা
  আলচি সবে উপায়॥ ১৮৪
হেন শুনি সবে   ক্ৰোধ কৰি আতি
 অনেক নিন্দা কৰিলা।