সেই দেখিয়েই অতি স্পষ্টকৈ কৈছে যে বামুণৰ দৰেই আন জাতৰো অশৌচ দহ দিন হে। যথা,—“আশুচ্যং দশৰাত্ৰস্তু সৰ্ব্বত্ৰাপ্যপৰে বিদুঃ।” সেই কাৰণে আপুনি শাস্ত্ৰৰ নাম লৈ,বেদৰ দোহাই দি, নিজে কল্পনা কৰা কথাবোৰ কোৱাত কন্দল বঢ়াৰ বাহিৰে একো নহয়।
গোসাঁই।—মনুৰ বাহিৰেও আৰু শাস্ত্ৰ আছে।
মই।—নিশ্চয় আছে। আপুনি প্ৰথমেই মনুক হাজিৰ কৰা দেখি হে আমিও তেওঁকে মান-ভাগ দিব খুজিছিলোঁ।
গোসাঁই।—মনু সকলোতকৈ ডাঙ্গৰ শাস্ত্ৰকাৰ হলেও কলিকালত পৰাশৰ হে মানিব লাগে, “কলৌ পৰাশৰঃ স্মৃতঃ।”
মই।—পিচে কৈছে হে, ক'ত মানিব হবলা! ধৰক, পৰাশৰে বিধবাৰ বিয়া হব পাৰে বুলিছে। আপুনি সেইমতে বিধবা বিবাহৰ ব্যৱস্থা দিব জানো?
গোসাঁই।—তিৰুতাৰ বিয়া মুঠেই এবাৰ হে। পৰাশৰে কলেও দুবাৰ হ'ব নোৱাৰে।
মই।—তেন্তে আপুনি পৰাশৰো নামানে। আপুনি কোনখন স্মৃতি মানে কওক, সেইখন মতেই বিচাৰ কৰা হওক।
গোসাইৰ মাত হৰিল, পেটে পেটে মোলৈ খঙ্গো চৰিল; কিন্তু কৰে কি! বিচাৰৰ অৱস্থা দেখি পাৰিষদৰ দ্বাৰা মোৰ কিবা ব্যৱস্থা কৰাবলৈ তেওঁৰ সাহ নহ'ল। কিছুসময় নিৰ্ব্বাক হৈ থকাৰ পাচত তেওঁ ক'লে,—“আজি বহুত বেলি হ'ল, কালিলৈ শেষ বিচাৰ হ'ব। এতিয়া তোমালোক যোৱাঁ।”