সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৃ-পিতামহৰ ধৰ্ম্ম । মাক-বাপেকৰ হে ৷ তাৰ ভিতৰতে৷ আকৌ মাকৰ হে ( দহ দিন ), বাপেক গা ধুলেই শুচি হয়। সম্বৰ্ত্তৰ স্মৃতিতো তাকেই কৈছে, জাতে পুত্রে পিতুঃ স্নানং সচৈলং তু বিধীয়তে । মাতা শুধ্যেদ্দশাহেন স্নানাত্ত স্পর্শনং পিতুঃ ॥ সেই কাৰণে আপুনি কোৱা ওপজা চুৱাটো মনুৱে কোৱা নহয়, আপুনি ক'ৰবাত হেৰা পোৱা হে । আকৌ দশাহ অশৌচ মনাবোৰক আপুনি অসদাচাৰী বুলিছে, তাৰ পৰা বুজা যায় আপুনি সদাচাৰ কাক বোলে তাৰ সম্ভেদ লবলৈ আজৰিকে পোৱা নাই । আপোনাৰ “বেদেই” দেখোন প্রথম অধ্যায়তে কৈছে— সৰস্বতী-দৃষদ্বত্যোদে ৱনঘোর্যদন্তৰং । তং দেৱনিৰ্ম্মিতং দেশং ব্রহ্মাৱৰ্ডং প্ৰচক্ষতে ৷ তস্মিন্ দেশে য আচাৰঃ পাৰস্পৰ্য্য ক্ৰমাগতঃ । বর্ণানাং সান্তৰালাণাং স সদাচাৰ উচ্যতে ।। অৰ্থাৎ সৰস্বতী আৰু দৃষদ্বতী নামক দেৱনদীৰ মাজত থকা সেই দেশৰ ব্ৰাহ্মণ, দেৱনিৰ্ম্মিত দেশক ব্রহ্মাৱৰ্ত্ত বোলে ৷ ক্ষত্রিয়, বৈশ্য, শূদ্ৰ আৰু বৰ্ণসঙ্কৰসকলে যি আচাৰ পুৰুষ - নুক্রমে মানি আহিছে সেয়ে সদাচাৰ । আপুনি জানে নে নাজানে কব নোৱাৰোঁ, ব্ৰহ্মাৱৰ্ত্তত সকলো জাতৰে দশাহ অশৌচ অকল ব্ৰহ্মাৱৰ্ত্ত নহয়, অসম আৰু বঙ্গদেশৰ বাহিৰে হে চলে । আন ঠাইত দশাহ অশৌচ হে আছে, মাহেকীয়৷ ক’তো নাই । তেনেহলে সদাচাৰী কোন নিজে বিচাৰ কৰি চাওক । দেৱলে