সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পিতৃ-পিতামহৰ ধৰ্ম্ম । মোৰ তেতিয়া ওপৰহাত, গোসাঁইৰ মাত মাৰি গোটেই গাতে উৎসাহ। মই ক’লে। – “প্ৰভু, আৰু এদিনলৈ নো ৰ'ব লাগিছে কিয় ? আজি তিনি চাৰি হেজাৰ বছৰেও যিবোৰ শাস্ত্ৰ কাঠ- কলি নহলেও অন্ততঃ টোপাতে বল বুলি ভাবিছে, এৰাতিৰ ভিতৰত তাৰ পক ধৰাৰ আশা নকৰিবচোন । ” ৰাইজ৷—প্ৰভু জগন্নাথ, যি ৰায় দিয়ে আজিয়েই দিয়ক, আমি আকৌ এদিন আহিব নোৱাৰোঁ ৷ ঘাইকৈ কালিলৈ আমি আচাৰ্য্যদেৱক নাপাবও পাৰোঁ । শেহত গোসাঁয়ে মুখেৰে নামাতি উচপিচাবলৈ ধৰিলে । প্ৰভুৰ দুৰ্দ্দশা দেখি মই কলোঁ,—“প্রভু, এটা কথা, আপুনি যদি শুনিবলৈ টান নাপায়, তেন্তে মোৰ টান প্ৰশ্নটোৰ উত্তৰ মোকেই দিবলৈ কওক।” গোসায়ে উত্তৰ নিদিলে । মৌনং সম্মতি লক্ষণম্ বুলি আৰু ৰাইজৰ উদগনি পাই মই কবলৈ ধৰিলোঁ,—“অন্যান্য ধৰ্ম্মৰ ধৰ্ম্ম- কথাতে কয় চাৰি - শাস্ত্ৰৰ দৰে হিন্দুৰ ধৰ্ম্মশাস্ত্ৰ এখন নহয় । বেদ, চৈধ্য শাস্ত্ৰ, ওঠৰ পুৰাণ ; যদিও ই নিচেই সামান্য লেখ হে ৷ কিয়নো সেইবোৰৰ শাখা-প্রশাখা বিস্তৰ আছে। যি হওক, এতিয়া আমাৰ বিষয়টোৰ মীমাংসা কৰিবলৈ হলে আমি ঘাইকৈ নিৰ্ভৰ কৰিব লাগিব প্ৰধান আৰু অপ্রধান স্মৃতি-শাস্ত্ৰবোৰৰ লাখুটিত । কোনো এটা নিয়ম মানিব পাৰি নে নোৱাৰি পোনেই তেনে পৰীক্ষা পাঁচ বিধ । তাৰ পৰীক্ষা কৰাৰ প্ৰয়োজন । মনুসংহিতাৰ দ্বিতীয় অধ্যায়ৰ ষষ্ঠ শ্লোকত কৈছে,—