সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দুর্ভিক্ষ-ভঁৰাল ৷ ১৭ তিন টকা ৰূপ গাঁঠিৰ পৰা ওলাই গৈছে ৷ তাৰ ফলতেই আজি বজাৰ-খৰচৰ অভাবত ওপৰত কোৱা খকা-খুন্দা ৷ মই একে আষাৰেই কলোঁ,—“ইয়াত একো নহয়, আনফালে যোৱাঁ, মোৰ পৰা একো নোপোৱা ৷” মানুহজনে কলে,—“আপোনাৰ দৰে মানুহে যদি এনেকৈ কয়, আনে আৰু কি ক'ব ! বেচি দিব নোৱাৰে যদি অলপকে দিয়ক । বৰ্ত্তমান অৱস্থাত যি অলপ পোৱা যায় তাৰেও যথেষ্ট সাহায্য হব।” মই ।— সাহায্য হব জানো, কিন্তু নিজৰ আহাৰ্য্য যে গোট নাখায় ! দুর্ভিক্ষ হৈছে সুভিক্ষ হোৱালৈ বাট চাওক । মানুহ।—বাট চাবলৈ জীয়াই থাকিলে হে ! সিহঁতৰ যি ভয়ানক কষ্ট হৈছে, ততালিকে সাহায্য নাপালে বেচি ভাগেই মৰিব ৷ মই।—মৰিল যদি মৰিল, তাৰ বাবে মূৰ ঘমাব লাগিছে কিয় ? মানুহ হলেই যে জীয়াই থাকিব লাগিব সেইটো নো তোমাক কোনে ক'লে ? এদিন তো মৰিবই ; গতিকে সুবিধা পালেই মৰা ভাল । আকৌ তুমিয়েই কৈছ৷ সিহঁতৰ ভয়ানক কষ্ট হৈছে, তেনেহলে আমি ধন নষ্ট কৰিব লাগিছে কিয় ? আমি সাহায্য কৰি কোনোমতে কলপ কলপ কৈ প্ৰাণধাৰণ কৰি ঢকা কোবাই ফুৱাকৈ দিনচেৰেক বেচিকৈ ৰাখিলে সিহঁতৰ কষ্ট কমোৱা হব নে বঢ়োৱা হব ? - আপোনাৰ তেন্তে সহানুভূতি নাই ? মানুহ ৷—