সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

4 আত্মানন্দৰ আত্মকাহিনী। মই ৷—যথেষ্ট আছে । সেই দেখিয়েই তো সিহঁতৰ বিলাই চাই থকাতকৈ এজাই হিলৈ নাইবা এডাল ভলুকা টোকোনৰ সাহায্যেৰে তাৰ ওৰ পেলোৱাৰ মই পক্ষপাতী, আৰু মোৰ মতে সেয়ে হে আচল পৰোপকাৰ ৷ সেই উপকাৰ আনে নকৰিলেও নিজেই কৰি ল'বৰ সুবিধা আছে । মানুহ।—তাৰ মানে ? মই ৷—তাৰ মানে অতি সহজ । আমি পৃথিবীলৈ আহিছোঁ জীৱনৰ তাকৰীয়া সময়খিনি খাই-বৈ স্ফূৰ্ত্তি কৰি কটাই দিবলৈ । যদি তেনেকৈ কটাব পাৰি ভালেই ; যদি নোৱাৰি, তেন্তে এডোখৰ কানি উদস্থ কৰি, নাইবা ডিঙ্গিত ফাঁচ লগাই চটিত ওলমি, অথবা ব্ৰহ্মপুত্ৰৰ পানীত জপং কৰে পৰি ৰসতে -নাম লৈ থোৱাই বুধিয়কৰ কাম। তেনে কাৰ্য্যত সাহায্য কৰিলেই পৰোপকাৰ কৰা হয় । মানুহ ৷—তেনেহলে আপুনি আত্মহত্যাৰ দৰে মহাপাপো সমৰ্থন কৰে ? মই ।—মোৰ মতে আত্মহত্যা আৰু আত্মৰক্ষ। দুয়োটা একে উদ্দেশ্যৰে ৰূপান্তৰ'; গতিকে ই মহাপুণ্য । তাৰ দ্বাৰা এফালে নিজৰ কষ্ট নিবাৰণ হয়, আৰু আনফালে পৰৰ উপকাৰ হয় । এজন মানুহ জীয়াই থাকিলে কিমান মহ-ডাহ, চৰাই-পহু, মাছ- কাছ, ধান-মাহ, শাক-পাচলি বধ কৰে, তাৰ লেখ-জোখেই নাই; তেনেস্থলত, কোনোবাই যদি ইমানবোৰ জীৱ হত্যা নকৰি অকল নিজক হত্যা কৰে, তেন্তে কোন হিচাপত তেওঁৰ বেচি পাপ হয় ? সেই কাৰণে মই কওঁ, মানুহে সংসাৰত যিমান দুখ কষ্ট পায়,