সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

কাহিনী—নম্বৰ তিনি দুৰ্ভিক্ষ-ভঁৰাল । (১৮৪৮ শক ) বাতৰি-কাকতত ডাঙ্গৰ ডাঙ্গৰ আখৰেৰে বাতৰি ওলাল, কৰবাত হেনো খাবলৈ নাপাই ভালেমান মানুহে নেওচা কেওচা দি পৃথিবীখন এৰি থৈ স্বৰ্গলৈ নে নৰকলৈ পেট ভৰাই খাবলৈ গৈছে। তাকে দেখি শোকত অভিভূত হৈ ওলাল এদল লোক তেওঁলোকক ধৰি ৰাখিবলৈ । তেওঁলোকে দিনে ৰাতিয়ে খাটি, সভা-সমিতি মাতি, দুৰ্ভিক্ষ-ভঁৰাল পাতি, আবেদন পত্ৰ লৈ, দিহাদিহি গ'ল ধন তুলিবলৈ ৷ এদিন মই বজাৰৰ ফদৰ দীৰ্ঘতা আৰু মোনাৰ ধনৰ হ্রসতাৰ ভিতৰত মিটমাট ঘটাব নোৱাৰি, গৃহিণীৰ ওচৰত বানপ্রস্থ প্রস্তাব উপস্থিত কৰিছে৷ মাথোন, এনেতে পৰিল বাহিৰৰ পৰা ডাক। প্ৰস্তাৱ প্ৰস্তাৱতে এৰি মই ওলাই আহি চৰা ঘৰ পালোঁ। আগন্তুক জনক অহাৰ উদ্দেশ্য সুধিবলৈ নৌ পাওঁতেই তেওঁ এখন গোহাৰি-পত্ৰ আগ বঢ়াই দিলে । তাৰ অৰ্থ যে অর্থ-ভিক্ষা নপঢ়াকৈয়ে বুজিব পাৰিলোঁ; কিয়নো মাহটোত কমকৈও চাৰিবাৰ- মান এনে গোহাৰিৰ সমিধান দোহাৰিব লগা হয়। এই মাহতে এনে আবেদন তিনি বাৰ আহিছে, আৰু তাৰ ফলত চলচল কৰে