সমললৈ যাওক

পৃষ্ঠা:আত্মানন্দৰ আত্মকাহিনী.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভূগোল শিক্ষা । শাক-মাছ, মিঠাই কটি । বান্ধি ল'বা, নাযায় ফুটি ॥” ১৫ এনে কাকত এৰি নিতান্ত মূৰ্খৰ বাহিৰে কোনে অসমীয়া কাকত ল'ব ! তদুপৰি অসমীয়া ভাষাও আকৌ এটা ভাষা ! তাকে৷ কোনোবাই পঢ়ে নে ?” যদিও মই বক্তাৰ বাং-বিং-খিনিলৈ বিশেষ মনোযোগ দিয়া নাছিলোঁ, তথাপি কথাৰ অন্তত কলোঁ,—“ঠিক কৈছে, অসমীয়া কাকত কোনো যুগত ভাল নহয় ; অকল কাকত কিয়, অসমীয়া ভাষা আৰু অসমীয়া মানুহেও কেতিয়াও উন্নতি কৰিব নোৱাৰে ৷ আপুনি গমি-পিটিকি কথাটো টং কৰিছে যেতিয়া, এতিয়াই চিলঠ, চাটিগাঁ বা ‘ডাহা’লৈ থিতি লৰাই তাৰ উন্নত ভাষা-ভাষীৰ সঙ্গ লওক গৈ, আৰু চল পাই যদি, বল দি লগৰীয়া জনচেৰেককে৷ আপোনাৰ লগতে উন্নতিৰ জখলাৰ টিং-থোপলৈ টানি নি আমি মণিব নোৱৰা কৰক গৈ ৷”